Posts

ভালপাওঁ তোমাক

ভালপাও বুলি কৈ দিলোঁ মই! জানোঁ উত্তৰৰ অপেক্ষা মূল্যহীন,  উপেক্ষিত  আশা, ধূসৰ তোমাৰ প্ৰেমৰ ভাষা। গ্ৰীষ্মৰ পৰা বসন্তলৈ প্ৰেমৰ শব্দবোৰ অসংলগ্ন হৈ হাবাথুৰি খাই সেউজীয়া ঋতুৰ অনুভৱে… প্ৰেম উপচি পৰে… ভালপোৱা থমকি আছে(?) মই আকাশলৈ চাওঁ! প্ৰতিজ্ঞাবদ্ধ হওঁ! প্ৰত্যাশিত ইচ্ছাবোৰে ধাৰাপাতৰ লানি নিচিঙা  গণিতৰ লগত মিতিৰালি পাতে, শৈশৱৰ পথাৰত লুকাভাকু খেলে। ভালপোৱাৰ গভীৰতা  প্ৰাচীন সমূদ্ৰমন্থনলৈ  পৰিৱৰ্তিত হয়। ৰোমিও জুলিয়েট, লাইলা মজনু, অথবা কৃষ্ণ ৰাধিকা, প্ৰেমৰ প্রতিদান (?) প্ৰশ্নবোধক হৈ থাকে, চিৰন্তন। ভালপাওঁ বুলি কৈ দিলোঁ মই! বেয়া নাপাবা। যদি দ্বিধাগ্ৰস্ত তুমি  সুধি চাব পাৰা! কলিজাটো তোমালৈ উপহাৰ দিম প্ৰিয়া। বাৰ মাহৰ প্ৰতিটো দিনত তোমাৰ কাৰণে এটাকৈ কবিতা লিখিম, সঁচা প্ৰেমৰ… একৰ পৰা এশলৈ... সহস্ৰবাৰ তোমাক মই  ভালপাওঁ বুলি কম! পৃথিৱীৰ সমান, অ অ ভালপাওঁ তোমাক।